Show/Hide Keyboard Layout

অ’ আমাৰ গাওঁ

- জ্যোতিপ্ৰসাদ আগৰৱালা

অ’ আমাৰ গাওঁ

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ ।

 

ভৰপূৰ তামোলৰে

সেউজীয়া পথাৰেৰে

দূৰতে জিলিকি থকা

অ’ আমাৰ গাওঁ ।

 

দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাওঁ ।

 

একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত

আজি কিয় তাকো নাপাওঁ ?

 

এই মাটি মোৰ অধিকাৰ

মোৰ ভাত মোৰ কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ ।

 

কালৰ মূৰ্তি ধৰি

শতৰু মূৰত

আকাশৰ শৰগ পেলাওঁ ।।

Hits: 2302